Posts

Showing posts from March, 2026

মোৰ নিজৰ বিষয়ে

Image
মোৰ শৈক্ষিক যাত্ৰা ১৯৮১ চনত কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰে আৰম্ভ হৈছিল, যাৰ পিছত ১৯৮৩ চনত মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। ১৯৯২ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘ইণ্ডাষ্ট্ৰিয়েলাইজেচন ইন এ লেণ্ডলকড এণ্ড ছাবচিষ্টেন্স এগ্ৰিকালচাৰ ইকনমি’ বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সমতাবাদী আদৰ্শ আৰু অৱদানক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ২০১১ চনত ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ নেতৃত্ব মই আৰম্ভণিৰে পৰা দি আহিছোঁ। মোৰ সাহিত্যিক জীৱনৰ এক বৃহৎ অংশ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ চৰ্চাত উৎসৰ্গিত। মই মহাপুৰুষ দুজনৰ বৰগীত, গুণমালা আৰু নামঘোষা ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে দুয়োজনাৰে গৱেষণাভিত্তিক জীৱনীও ৰচনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত মই ‘THE REDEEMER’ নামৰ এখন ইংৰাজী উপন্যাসো লিখিছোঁ। প্ৰেৰণাৰ বিষয় যে মোৰ এই গ্ৰন্থসমূহ বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় যেনে— হাৰ্ভাৰ্ড, য়েল, ষ্টেনফৰ্ড, চিকাগো, কলম্বিয়া, টৰন্টো আৰু হাইডেলবাৰ্গ আদিৰ পুথিভঁৰালত সংৰক্ষিত হৈ আছে। বৰ্তমান মই I...