মোৰ নিজৰ বিষয়ে
মোৰ শৈক্ষিক যাত্ৰা ১৯৮১ চনত কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ
স্নাতক ডিগ্ৰীৰে আৰম্ভ হৈছিল। তাৰ পিছত ১৯৮৩ চনত মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
(JNU)ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। ১৯৯২ চনত মই গুৱাহাটী
বিশ্ববিদ্যালয়ৰ পৰা ‘ইণ্ডাষ্ট্ৰিয়েলাইজেচন ইন এ লেণ্ডলকড এণ্ড ছাবচিষ্টেন্স
এগ্ৰিকালচাৰ ইকনমি’ বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰিছিলোঁ।
অসম আন্দোলনৰ সময়ত ১৯৮০ চনত প্ৰথমখন বিদ্যায়তনিক আলোচনা চক্ৰ গুৱাহাটীত অনুষ্ঠিত কৰিছিলোঁ। ১৯৮২ চনত দিল্লী অসমীয়া ছাত্ৰ সন্থাৰ সম্পাদক হৈ থাকোঁতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত অসমৰ বিদেশী অনুপ্ৰবেশৰ সমস্যাৰ বিষয়ে প্ৰচাৰ কৰিছিলোঁ। 'অসমৰ স্বেচ্ছাসেৱী সংগঠনৰ সমন্বয় সমিতি'ৰ হৈ অবৈতনিক ভাবে বিভিন্ন প্রকল্প প্রস্তাৱ প্রস্তুত কৰি অসমৰ ১৮৮টা স্বেচ্ছাসেৱী সংগঠনক সহায় কৰিছিলোঁ৷ এই প্ৰস্তাৱসমূহৰ ভিত্তিত তেওঁলোকে যথেষ্ট আৰ্থিক সাহায্য লাভ কৰিছিল। নব্বৈৰ দশকত মই অসমৰ সকলো বাতৰি কাকততে স্তম্ভলেখক আছিলোঁ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ আৰু অৱদানক সমগ্ৰ বিশ্বত
জনপ্ৰিয় কৰাৰ লক্ষ্যৰে ২০১১ চনত ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ’ নামৰ এটা সংগঠন
প্ৰতিষ্ঠা কৰা হৈছিল; আৰম্ভণিৰে পৰা মই ইয়াৰ নেতৃত্ব দি আহিছোঁ। ভাওনাৰ শুদ্ধ
আহাৰ্য প্ৰণয়ন, সাঁচিপতীয়া চিত্ৰকলাৰ পুনৰুদ্ধাৰ, প্ৰসঙ্গীয়া
বৰগীতক জনপ্ৰিয়কৰণ, শঙ্কৰী সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰা, গ্ৰন্থ প্ৰকাশ,
আদি কেইবাটাও গুৰুত্বপূৰ্ণ কাম ইয়াৰ উদ্যোগত সম্পন্ন কৰা হৈছে।
মোৰ সাহিত্যিক জীৱনৰ এক বৃহৎ অংশ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ চৰ্চাত উৎসৰ্গিত। মই মহাপুৰুষ দুজনৰ বৰগীত, গুণমালা আৰু নামঘোষা ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে দুয়োজনাৰে গৱেষণাভিত্তিক জীৱনীও ৰচনা কৰিছোঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত মই ‘THE REDEEMER’ নামৰ এখন ইংৰাজী উপন্যাসো লিখিছোঁ। শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ জীৱন আৰু অৱদানসমূহৰ বিষয়ে মই যোৱা চাৰিটা দশক ধৰি গৱেষণা কৰি আহিছোঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শনক মই 'বিৱৰ্তনবাদ' নাম দিছোঁ।
মোৰ কেইখনমান গুৰুত্বপূৰ্ণ কিতাপ হ’ল পূৰ্ণাংগ কথা গুৰুচৰিত, শঙ্কৰদেৱ অধ্যয়নত বিসংগতি, শঙ্কৰী সাহিত্য আৰু সংস্কৃতিৰ বৈশিষ্ট্য, শঙ্কৰী
সংস্কৃতি আৰু দৰ্শন, যুগস্ৰষ্টা শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ (সম্পাদনা), মাধৱদেৱ,
শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ভাৰতবৰ্ষ, অৰ্থনৈতিক উত্তৰণৰ চিন্তা, Srimanta
Sankaradeva: an epoch maker, Srimanta Sankaradeva: a multi-faceted genius,
Great Persons of Assam, Mahapurusha Srimanta Sankaradeva, Life and
Contributions of Srimanta Sankaradeva, Madhavadeva, Essays on Srimanta
Sankaradeva ইত্যাদি।
বৰ্তমান মই International Council on Monuments and Sitesৰ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ বিশেষজ্ঞ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। এই মঞ্চৰ জৰিয়তে মই বৰগীত আৰু বিহুৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছোঁ। ইক’ম’ছৰ হৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য মনোনয়ন ড’ছিয়াৰসমূহৰো মই পৰ্যালোচনা কৰোঁ।
মোক অনুপ্ৰেৰণা যোগাবলৈ যোৰহাট সাহিত্য সভাই ‘শঙ্কৰী সাহিত্য সংস্কৃতি বঁটা’, কুটুম্ব সুৰক্ষা পৰিষদে ‘শ্ৰীমন্ত শঙ্কৰদেৱ সাহিত্য সেৱা সন্মান’, তিতাবৰৰ চন্দ্ৰকান্ত-হৰিপ্ৰভা স্মাৰক ন্যাসে 'বৈষ্ণৱ সাহিত্য বঁটা', আৰু পাৰখোৱা শাখা কবি সন্মিলনে ‘সৰ্বেশ্বৰ দাস সোঁৱৰণী সমাজ হিতৈষী বঁটা’ প্ৰদান কৰিছে।




-2.jpg)
%20Rise%20of%20the%20Storm-2%20(1).jpg)



Comments
Post a Comment
You are welcome to place your comment here :