Posts

Showing posts from July, 2026

কটন কলেজিয়েট স্কুলৰ স্মৃতি

Image
মই মাত্ৰ দুটা বছৰ কটন কলেজিয়েট স্কুলৰ ছাত্ৰ আছিলোঁ। সপ্তম আৰু অষ্টম শ্ৰেণীত মই তাত পঢ়িছিলোঁ। দেউতা চৰকাৰী চাকৰিয়াল হোৱা সূত্ৰে বদলি হোৱাৰ বাবে পৰিয়ালৰ লোকৰ সৈতে মই এখন নতুন ঠাই উত্তৰ লখিমপুৰলৈ যাব লগা হ’ল। সেই সময়ত মই বহুত আশা কৰিছিলোঁ মই যেন এইখন বিদ্যালয়তে অধ্যয়ন কৰি যাব পাৰো। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। মই কটন কলেজিয়েট স্কুলত পঢ়ি থাকোঁতে ব্ৰনছন ৰংপি হেড মাষ্টৰ আছিল। অনুশাসনত তেওঁ বৰ কঠোৰ আছিল আৰু তেওঁক অতি কঠিন যেন লাগিছিল। কিন্তু তেওঁৰ হৃদয়খন বৰ কোমল আছিল। তেওঁৰ লগত কথা পাতিলেই যিকোনো লোকে সেয়া অনুভৱ কৰিব পাৰিছিল। সকলোৱে তেওঁক বহুত সন্মান কৰিছিল। কলেজিয়েট স্কুলত সপ্তম শ্ৰেণীত আসন পোৱাৰ বাবে মই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’বলগীয়া হৈছিল। প্ৰৱেশ পৰীক্ষা দি থাকোঁতে এজন শিক্ষক দুৰ্গাশংকৰ শৰ্মা মোৰ ওচৰলৈ আহি মোক সুধিলে, মই ক’ৰ পৰা আহিছোঁ। মই কলোঁ, মোৰ ঘৰ জালুকবাৰীত। হয়তো তেওঁ মোৰ বিষয়ে কিবা এটা লক্ষ্য কৰিছিল, কাৰণ তেওঁ সেই কোঠাটোত আন কোনো লোককে একো সোধা নাছিল। পিছলৈ তেওঁ আমাক অসমীয়া শিকাইছিল। যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে, মই যোগ্যতা অৰ্জন কৰাই নহয়, প্ৰথম স্থান লাভ ক...