কটন কলেজিয়েট স্কুলৰ স্মৃতি
মই মাত্ৰ দুটা বছৰ কটন কলেজিয়েট স্কুলৰ ছাত্ৰ আছিলোঁ। সপ্তম আৰু অষ্টম শ্ৰেণীত মই তাত পঢ়িছিলোঁ। দেউতা চৰকাৰী চাকৰিয়াল হোৱা সূত্ৰে বদলি হোৱাৰ বাবে পৰিয়ালৰ লোকৰ সৈতে মই এখন নতুন ঠাই উত্তৰ লখিমপুৰলৈ যাব লগা হ’ল। সেই সময়ত মই বহুত আশা কৰিছিলোঁ মই যেন এইখন বিদ্যালয়তে অধ্যয়ন কৰি যাব পাৰো। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল।
মই কটন কলেজিয়েট স্কুলত পঢ়ি থাকোঁতে ব্ৰনছন ৰংপি হেড মাষ্টৰ আছিল। অনুশাসনত তেওঁ বৰ কঠোৰ আছিল আৰু তেওঁক অতি কঠিন যেন লাগিছিল। কিন্তু তেওঁৰ হৃদয়খন বৰ কোমল আছিল। তেওঁৰ লগত কথা পাতিলেই যিকোনো লোকে সেয়া অনুভৱ কৰিব পাৰিছিল। সকলোৱে তেওঁক বহুত সন্মান কৰিছিল।
কলেজিয়েট স্কুলত সপ্তম শ্ৰেণীত আসন পোৱাৰ বাবে মই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’বলগীয়া হৈছিল। প্ৰৱেশ পৰীক্ষা দি থাকোঁতে এজন শিক্ষক দুৰ্গাশংকৰ শৰ্মা মোৰ ওচৰলৈ আহি মোক সুধিলে, মই ক’ৰ পৰা আহিছোঁ। মই কলোঁ, মোৰ ঘৰ জালুকবাৰীত। হয়তো তেওঁ মোৰ বিষয়ে কিবা এটা লক্ষ্য কৰিছিল, কাৰণ তেওঁ সেই কোঠাটোত আন কোনো লোককে একো সোধা নাছিল। পিছলৈ তেওঁ আমাক অসমীয়া শিকাইছিল।
যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে, মই যোগ্যতা অৰ্জন কৰাই নহয়, প্ৰথম স্থান লাভ কৰিছিলোঁ। মোৰ মনত আছে, এই মেধা তালিকাত সঞ্জীৱ ভূঞা দ্বিতীয় স্থানত আছিল। গতিকে সহপাঠীসকলৰ মাজত তেওঁৰ নামেই মই প্ৰথম জানিছিলোঁ। সময়ত আমি বহুত ভাল বন্ধু হৈ পৰিলোঁ। উত্তৰ লখিমপুৰৰ পৰা কেতিয়াবা আহিলে মই তেওঁক লগ কৰিছিলোঁ। পিছলৈ মই কটন কলেজত পঢ়া সময়তো সঞ্জীৱ কেতিয়াবা মেডিকেল কলেজৰ পৰা মোৰ হোষ্টেললৈ আহিছিল।
নামভৰ্তিৰ পিছত প্ৰথম বছৰটোত ক্লাছত সদায় মোৰ কাষত বহি থকা ল’ৰাজনৰ নাম আছিল পিকুমণি দত্ত। কিন্তু পিছত তেওঁৰ সকলো খবৰ হেৰুৱালোঁ। আমাৰ ক্লাছৰ আটাইতকৈ ফুৰ্তিবাজ ল’ৰাজন আছিল ৰঞ্জন চক্ৰৱৰ্তী। অক্ষয়, পঙ্কজ হাজৰিকা, পুলক হাজৰিকা, কামিনী তালুকদাৰ, আৰু নব কোঁৱৰো বৰ হাঁহিমুখীয়া ল’ৰা আছিল। নবই তেতিয়াৰ পৰাই ভাল ক্ৰিকেট খেলিছিল।
আমাৰ ইউনিফৰ্ম আছিল বগা চোলা আৰু খাকী পেন্ট। লগতে কলা জোতা আৰু বগা মোজা। গৰমৰ দিনত আমি হাফ পেণ্ট আৰু শীত কালত দীঘল পেণ্ট পৰিধান কৰিছিলোঁ। সেই সময়ত আমাৰ স্কুলৰ চৌহদতে কেন্দ্ৰীয় বিদ্যালয়খনো আছিল। এটা অতি পুৰণি অসম আৰ্হিৰ ঘৰত সেই বিদ্যালয়খন চলিছিল। কিন্তু তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম আছিল। গতিকে আমাৰ একো অসুবিধা হোৱা নাছিল। বহু বছৰৰ পিছতহে স্কুলখন তাৰ পৰা নিজ চৌহদলৈ স্থানান্তৰিত হৈছিল।
ইয়াৰ পিছত সপ্তম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ যেতিয়া ফলাফল প্ৰকাশ হ'ল, মোৰ নিজৰ ওপৰত অলপ খং উঠিছিল; কাৰণ মই এইবাৰ দ্বিতীয় স্থানত আছিলো। আগৰ স্কুলত মই ক্লাছৰ টপাৰ আছিলো। কিন্তু কলেজিয়েট স্কুলত প্ৰদীপ মহন্ত প্ৰথম হ'ল। মই প্ৰদীপক তেতিয়া লগ পোৱা নাছিলো, কাৰণ শতাধিক ছাত্ৰ থকা শ্ৰেণীটোৰ সকলোৰে সৈতে মোৰ পৰিচয় হোৱা নাছিল। ভালদৰে পৰিচয় হোৱাৰ আগতে মই বেলেগ স্কুললৈ যাবলগীয়া হ'ল।
এবাৰ আমি কিছুমানে আমাৰ চি ছেকচনৰ পৰা হাতেৰে লিখা আলোচনী এখন উলিওৱাৰ সিদ্ধান্ত লৈছিলোঁ। উদয়ন হাজৰিকা এই প্ৰজেক্টত মোৰ সহযোগী আছিল। যিহেতু আৱশ্যক মতে লেখা পোৱা নাছিলোঁ, মই ব্যক্তিগতভাৱে কিছুমান ইংৰাজী লেখা অসমীয়ালৈ অনুবাদ কৰিছিলোঁ। তদুপৰি মই গোটেই আলোচনীখন অকলেই প্ৰতিলিপি কৰিলোঁ, কাৰণ আনসকল হয়তো কামটোৰ প্ৰতি বিশেষ আগ্ৰহী নাছিল। সেই সময়ত ভবানী প্ৰসাদ অধিকাৰী আমাৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল। মই তেওঁক আলোচনীখনৰ প্ৰচ্ছদপটখন আঁকিবলৈ অনুৰোধ কৰিলোঁ। তেওঁ সহজেই মান্তি হ’ল।
দুৰ্ভাগ্যজনকভাৱে, আগতে কোৱাৰ দৰে আলোচনীখনৰ বাইণ্ডিং হোৱাৰ আগতেই মই অষ্টম শ্ৰেণীত স্কুলৰ পৰা ট্ৰেন্সফাৰ ল’বলগীয়া হ’ল। যোৱাৰ আগতে আলোচনীখনৰ মই লিখা পৃষ্ঠাসমূহ উদয়নৰ হাতত দি দিলোঁ। উদয়নে সেই পৃষ্ঠাসমূহ বাইণ্ডিং কৰি ল’লে, লগতে ভবানী প্ৰসাদ অধিকাৰীয়ে ডিজাইন কৰা কভাৰটোও সন্নিৱিষ্ট কৰিলে। কিন্তু চূড়ান্ত আলোচনীখন মই কেতিয়াও দেখা নাপালোঁ। পিছত এবাৰ আলোচনীখন কি হ’ল বুলি সুধিলত উদয়নে ক’লে যে তেওঁ সেইখন স্কুলৰ পুথিভঁৰালত জমা দিছে। আমাৰ এই আলোচনীখনৰ নাম আছিল 'অগনি'।
এই আলোচনীখনৰ কামটো ১৯৭৩ চনত ঘটিছিল। আলোচনীখনত অনুবাদ ৰচনাৰ উপৰিও মই কিছুমান কবিতা লিখিছিলোঁ। এইদৰেই মোৰ সাহিত্যিক জীৱন আৰম্ভ হ’ল। সেইবাবে এই হাতেলিখা আলোচনীখনৰ স্মৃতি মোৰ মনত সদায় সজীৱ হৈ আছে।
এবাৰ আমাৰ শ্ৰেণীৰ কেইবাজনো সহপাঠী বন্ধু আমাৰ জালুকবাৰীৰ বাসগৃহলৈ আহিছিল। মোৰ যিমান মনত পৰে, ওচৰৰ সুন্দৰবৰী চাৰিআলিৰ চাহ দোকানৰ পৰা মই শিঙৰা কিনি আনি সকলোকে আপ্যায়ন কৰিছিলোঁ।
দেউতা অহৰহ বদলিৰ বাবে ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হৈছিল বাবে মই মুঠ ছখন স্কুলত পঢ়িছিলোঁ। সেইবোৰ আছিল বকো নিম্ন প্ৰাথমিক বিদ্যালয়, সৰপাৰা হাইস্কুল, গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ বিদ্যালয়, উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰে নূন্যতম সময় আছিল সৰপাৰা হাইস্কুলত আৰু সৰ্বাধিক সময় গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ বিদ্যালয়ত। স্কুলৰ সময়ৰ মোৰ কিছুমান স্মৃতি ধূসৰ হৈ পৰিল আৰু কিছুমান পাহৰি থাকিলোঁ। সহপাঠী কেইজনমানৰ নামো পাহৰিলোঁ।
কলেজিয়েট স্কুলৰ দিনবোৰৰ কিছু অংশ মোৰ মনত আছে। বেছিভাগ শিক্ষকৰ নামো পাহৰিলোঁ। অতি কঠোৰ এজন শিক্ষকৰ চুটি নাম আছিল ‘মিৰ্জা’। তেওঁ বৰ স্মাৰ্ট আছিল। কেইবছৰমানৰ পিছত তেওঁক পাণবজাৰত লগ পাইছিলোঁ আৰু তেওঁ মোক চিনি পাইছিল।



Comments
Post a Comment
You are welcome to place your comment here :