হার্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত প্রবন্ধ অন্তৰ্ভুক্ত হোৱাৰ অবিস্মৰণীয় অভিজ্ঞতা

এক মে' তাৰিখে ইণ্টাৰনেট চাই থাকোঁতে হঠাৎ হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমউল্লেখন থকা কউর্চহিৰো ডট কম নামৰ এটা ৱেবচাইটত মোৰ নাম দেখিলোঁ। ৱেবচাইটটো খুলি দেখোঁ যে মোৰ এটা প্রবন্ধ তাত আছে। শ্ৰীমন্ত শংকৰদেৱ-বিষয়ক মোৰ প্রবন্ধ 'ইউনিক্ ফিচাৰচ্ অৱ শ্ৰীমন্ত শংকৰদেৱজ্ ৰিলিজিয়াচ্ ফিলচফি'। কউর্চহিৰো ডট কম ৱেবচাইটটোহার্ভার্ড বিশ্ববিদ্যালয়ৰ এক পাঠ্যক্ৰমত সেইটো অন্তর্ভুক্ত কৰা আছে
মনটো আনন্দত ভৰি গ'ল। মোৰ ফে'চবুকৰ একাউন্টত সেই বাতৰিটো দিলো। বহুতো লোকে প্রশংসা কৰি মন্তব্য দিলে। পিছদিনা পুৱাই কাটাৰত থকা প্রেমানন্দ গোস্বামীয়ে ফ'ন কৰি আনন্দ প্ৰকাশ কৰিলে। অলপ সময় পিছত বিশিষ্ট গায়ক, অনুবাদক ৰঞ্জন বেজবৰুৱাই ফ'ন কৰি মোক সুধিলে যে কোনো বাতৰি কাকত বা চেনেলক মই জনাইছোঁ নে নাই। মই যেতিয়া কলোঁ যে কাকো কোৱা নাই, তেতিয়া তেওঁ নিজে কেইবাজনো সংবাদসেৱীক খবৰটো দি বাতৰি কাকতত প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলে।
মোৰ প্রবন্ধটোত নিজা অধ্যয়ন আৰু উপলব্ধিৰে কৈছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত জীৱৰ আত্মিক উত্তৰণ ঘটোৱাৰ পথ দেখুওৱা হৈছে। ভক্তি আৰু জ্ঞান মাৰ্গ দুইৰ সমন্বয় ইয়াত ঘটিছে। "It facilitates the elevation of the Jiva from the primary dual state to the non-dual state of identity with Brahma. ...... A major characteristic of Srimanta Sankaradeva’s philosophy is that it preaches equality of the 'Nirguna Brahma' and Saguna Iswara."
'দৈনিক অসম' কাকতৰ বাতৰি দিওঁতা চন্দন বৰা আৰু ই-টিভি ভাৰতৰ চেনেলৰ দুজন সংবাদসেৱী আহি আবেলি মোৰ সাক্ষাৎকাৰ ল'লে। গধূলি সময়ত ই-টিভি ভাৰতৰ প'র্টেলত প্ৰথম বাতৰি ওলাল। ইতিমধ্যে ৰঞ্জনে আন কেইবাজনো সংবাদসেৱীক অনুৰোধ কৰাত পিছদিনা অসমীয়া 'প্ৰতিদিন' আৰু 'নিয়মীয়া বাৰ্তা' কাকতত বাতৰি ওলাল। সেয়ে আছিল কাকতত ওলোৱা প্রথম বাতৰি। মই ফে'চবুকত বাতৰিটো দিলোঁ। তাৰ পিছত বিপুল সমাদৰ। অহৰহ বিভিন্ন জনৰ মন্তব্য আৰু নিজৰ একাউন্টত মোৰ বাতৰিটো উদ্ধৃত বা বিতৰণ কৰাৰ নিৰন্তৰ প্রক্রিয়া।
পিছে ৰঞ্জন সন্তুষ্ট নহয়। তেওঁ ক'লে যে বাহিৰলৈ যাব লাগে বাতৰিটো। 'ডা হিন্দু' আৰু 'নিউ ইণ্ডিয়ান এক্সপ্ৰেছ' কাকত দুখনৰ সংবাদসেৱী দুজনক তেওঁ ফ'ন কৰি মোক যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলে। আবেলি মই দুয়োৰে ফ'ন পালো আৰু তেওঁলোকে বিচৰা ধৰণে সকলো তথ্য দিলোঁ। অলপ পিছতে কাকত দুখনৰ ইণ্টাৰনেট সংস্কৰণত বাতৰি ওলাই গ'ল।
তাৰ পিছৰখিনি ইতিহাস। মোৰ বাবে সেয়া এক অবিস্মৰণীয় অভিজ্ঞতা। ড: সঞ্জীৱ কুমাৰ বৰকাকতী নামৰ ব্যক্তিজনৰ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় দৰ্শন বিষয়ক ৰচনা হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাতৰিয়ে সমগ্ৰ অসমত তোলপাৰ লগাই দিলে। এক অভূতপূৰ্ব পৰিৱেশ সৃষ্টি হ'ল। সেয়া মোৰ ব্যক্তিগত কৃতি হৈ নাথাকিল। কিমান জনৰ ফ'ন যে আহিল!
সৰ্বভাৰতীয় কাকতৰ বাতৰি পঢ়ি বহুতো প'র্টেলে নিজাববীয়াকৈ বাতৰি কৰিবলৈ আৰম্ভ কৰিলে। অৱশিষ্ট অসমীয়া কাকতসমূহত লাহে লাহে বাতৰি ওলাল। তাৰ আগতেই অৱশ্যে সকলোৱে গম পায়েই গৈছিল। জ্যোতিপ্ৰসাদ শইকীয়া, ডক্টৰ ননী গোপাল মহন্ত, মুম্বাইৰ অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই, প্রখ্যাত অভিনেতা যশোধন সিং, শ্ৰীলঙ্কাৰ ডক্টৰ অনুৰা মানাটুঙ্গা আদিৰ বার্তা ফে'চবুকত ভৰি পৰিল। মাজুলীৰ শিল্পী হেমচন্দ্ৰ গোস্বামী, অসম সত্র মহাসভাৰ সম্পাদক কুসুম মহন্ত, সাঙ্সদ প্ৰদ্যুৎ বৰদলৈ আৰু কামাখ্যা তাচা আদি সুধী ব্যক্তিয়ে ফ'ন কৰি মোক প্রশংসাৰে ওপচাই দিলে।
দেৱজিত চাংমায়ে লিখিলে, "Actions speak louder than words, and yours tell an incredible ... This is really a great news ... Thank you so much Sanjib Kumar Borkakoti Sir ... Lots of respect."
নামঘৰীয়া সমাজৰ ধ্রুবজ্যোতি ভূঞাই লিখিলে, "আমেৰিকাৰ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ৰ পাঠ্যক্ৰমত মহাপুৰুষ শ্রীমন্ত শংকৰ গুৰুজনাৰ বিষয়ে প্রকাশিত আপোনাৰ নিৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰিটোৱে আমাক সকলোকে অানন্দিত কৰাৰ লগতে গৌৰৱান্বিত কৰিছে |"
পলাশ ৰঞ্জনে লিখিলে,"ছাৰ, এয়া যেন গুৰুজনাৰ বিশ্বপটত এক নতুন যাত্ৰাৰ প্ৰথম খোজ!"
দিল্লী বিশ্ববিদ্যালয়ৰ ডক্টৰ আনিশ্ব গুপ্তই লিখিলে, "Wow! Glad to see that your scholarship and hard work is being recognized by top institutions."
অমৃত প্ৰীতমে লিখিলে, "An outstanding news Dada... it's indeed a great honour...Thank you so much for bringing Gurujona to the world platform....A big salute to you..."
সঙ্গীতজ্ঞ ৰপমজ্যোতি বৰাই লিখিলে, "Sanjib Sir !!! Excellent job done & great contribution of yours to let the whole world know about our Mahapurux Srimanta Shankardeva."
ডক্টৰ সঞ্জীৱ গোস্বামীয়ে লিখিলে, "If there anything greater than this. Just wow."
উত্তম বৰঠাকুৰে লিখিলে, "The synergy of your devotion and life's mission could only bring such simplicity to his great thoughts."
'ডা হিন্দু' আৰু 'নিউ ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ বাতৰি দুটা পঢ়ি অনেকে নিজেই সংবাদ দিলে। বিখ্যাত নিউজ পৰ্টেল 'দ্য প্রিণ্ট'ত দিল্লীৰ পৰা বাতৰি ওলাল। The Statementএ দিয়া বাতৰি পোন্ধৰ হাজাৰ মানুহে চালে। কেইবা শ লোকে মোৰ ফে'চবুকৰ পষ্টবোৰ শ্বেয়াৰ কৰিলে।
এই প্ৰচণ্ড সাফল্যই শ্ৰীমন্ত শংকৰদেৱৰ মাহাত্ম্য প্রচাৰ কিছু খৰতকীয়া কৰি তুলিছে। এই সমগ্ৰ সাফল্য মই অসমীয়া জাতিৰ প্ৰতি অর্পণ কৰিছোঁ।

Comments

Popular posts from this blog

Felicitation

Madhavadeva

National seminar on Srimanta Sankaradeva's Contributions held in Madhupur Than, West Bengal